July 29, 2026 10:09 PM
6
লোকসভাত আজি লোক পৰীক্ষা, অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক, ২০২৬ গৃহীত
লোকসভাত আজি লোক পৰীক্ষা, অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক, ২০২৬ গৃহীত হয়। বিধেয়কখনৰ জৰিয়তে ২০২৪ চনৰ লোক পৰীক্ষা অসাধু পন্থা আইনখনৰ সংশোধন কৰিব বিচৰা হৈছে। বিধেয়কখনত ১০ বছৰৰ কাৰাবাস, ১০ কোটি টকা পৰ্যন্ত জৰিমণা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এই পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ নিষ্পত্তিৰ নিশ্চিতিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দৈনিক শুনানিৰ বাবে দ্রুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। আৰক্ষী থানাত তথ্য...