লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই পৰামৰ্শ জাৰি কৰিছে। পৰামৰ্শৱলীত ভাৰতৰ পৰা যোৱা পর্যটকসকলক স্থানীয় সুৰক্ষা সংস্থাসমূহে জাৰি কৰা পৰামৰ্শ আৰু স্থানীয় বাতৰি অনুসৰণ কৰিবলৈ কোৱা হৈছে। তেওঁলোকক লগতে প্রতিবাদ অব্যাহত থকা এলেকাসমূহ এৰাই চলিবলৈ কোৱা হৈছে। লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।
Assamese | August 6, 2024 8:10 PM | Akashvani | Akashvani News
লণ্ডনৰ ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান