যোৱা ১২ বছৰত ভাৰতৰ বিদেশ নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে ব্ৰেণ্ড ইণ্ডিয়া আৰু গোলকীয় স্তৰত ভাৰতৰ স্থিতি যথেষ্ট শক্তিশালী হৈছে।
সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কৈছে যে ভাৰত সংকটৰ এই সময়ত, গ্লোবেল ছাউথ হিচাপে পৰিচিত অর্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা ৰাষ্ট্ৰসমূহৰ কণ্ঠ হিচাপে পৰিগণিত হৈছে।
তেওঁ কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ইউ পি আইৰ দৰে ডিজিটেল লেনদেনৰ মাধ্যমসমূহৰ জৰিয়তে সদায় ৰাষ্ট্ৰৰ হিতৰ বিষয়টোক বিশ্বৰ কল্যাণৰ সৈতে সংযোগ কৰিছে।