যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত হোৱা সভাত মন্ত্রী অশোক সিংহলৰ অংশগ্ৰহণ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংঘালে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি জিলাখনৰ চিকিৎসা আন্তঃগাঁথনি তথা উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমতে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ উন্নয়ন তথা এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত যাবতীয় ব্যৱস্থা হাতত লৈছে। আজিৰ সভাত সাংসদ কামাখ্যাপ্রসাদ তাছা, বিধায়কদ্বয় ৰূপজ্যোতি কুমী আৰু ধীৰাজ গোৱালা, যোৰহাট জিলাৰ আয়ুক্ত জয় শিবানী, মুখ্য সচিব ডাঃ পি অশোক বাবু, স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ মনোজ চৌধুৰী আদিকে ধৰি কেইবাজনো জ্যেষ্ঠ স্বাস্থ্য বিষয়া উপস্থিত থাকে।