July 1, 2026 8:31 PM

views 7

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত হোৱা সভাত মন্ত্রী অশোক সিংহলৰ অংশগ্ৰহণ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংঘালে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি জিলাখনৰ চিকিৎসা আন্তঃগাঁথনি তথা উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমতে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ উন্নয়ন তথা এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত যাবতীয় ব্যৱস্থা হাতত লৈছে। আজিৰ সভাত সাংসদ কামাখ্যাপ্রসাদ তাছা, বিধায়কদ্বয় ৰূপজ্যোতি কুমী আৰু ধীৰাজ গোৱালা, যোৰহাট জিলাৰ আয়ুক্ত জয় শিবানী, মুখ্য সচিব ডাঃ পি অশোক ব...

September 27, 2024 7:35 PM

views 33

গুৱাহাটীৰ জনতা ভৱনত মন্ত্রী অশোক সিংহালৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা তথা জলসম্পদ মন্ত্রী অশোক সিংহালে আজি তেওঁৰ অধীনৰ বিভাগত ৰূপায়ণ হৈ থকা কেইবাটাও প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। গুৱাহাটী জনতা ভৱনত অনুষ্ঠিত এই পর্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী জলবোর্ড, প্রধানমন্ত্রী আবাস যোজনা-নগৰাঞ্চল আৰু গৃহ তথা নগৰ পৰিক্ৰমা বিভাগৰ উমৈহতীয়া প'ৰ্টেল সন্দৰ্ভত আলোচনা কৰে। আলোচনাৰ সময়ত মন্ত্ৰীগৰাকীয়ে নগৰাঞ্চলত পানীৰ সুবিধা, বঞ্চতসকলক গৃহ আঁচনিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান, ডিজিটেল পদক্ষেপসমূহ তথা প্ৰশাসনীয় দিশসমূহৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্ব ...

August 17, 2024 11:29 AM

views 43

ৰাজ্যৰ জলসিঞ্চন মন্ত্রী অশোক সিংহালৰ বিভাগীয় বিষয়াৰে পর্যালোচনা বৈঠক

ৰাজ্যৰ জলসিঞ্চন মন্ত্রী অশোক সিংহালে কালি দিছপুৰত বিভাগীয় বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব, সচিব, মুখ্য অভিযন্তাকে ধৰি কেইবাগৰাকী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত মন্ত্ৰীগৰাকীয়ে বিভাগৰ অধীনত অব্যাহত থকা বিভিন্ন আঁচনিসমূহৰ কাম-কাজৰ বুজ লয়। লগতে মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ সুবিধা-অসুবিধাক বিশেষ প্রাধান্য দি খেতি পথাৰসমূহলৈ পৰ্যাপ্ত জলসিঞ্চন সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ সমস্যাসমূহ ততাতৈয়াকৈ সমাধান কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।