আজি বিধানসভা প্রেক্ষাগৃহত আয়োজিত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ ৩৩ জিলাৰ ৭১ বিদ্যালয়ৰ পৰা নিৰ্বাচিত ১৭০গৰাকী মেধাবী শিক্ষার্থীয়ে অংশগ্রহণ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। দেশৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত সংসদীয় গণতন্ত্র, নেতৃত্বৰ গুণ, যুক্তিবাদী চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ ক্ষেত্ৰত যুব সংসদ অনন্য পদক্ষেপ বুলি ডাঃ পেগুরে মন্তব্য কৰে। বিগত দুবছৰে এই মঞ্চই যুৱ প্ৰজন্মক সংসদীয় কার্যপ্রণালীত নীতি নির্ধাৰণ, আইন প্রণয়ন আৰু সার্বজনীন বিষয়ত যুক্তি, আলোচনাৰ পৰিবেশ প্রদান কৰিছে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, জিলা পৰ্যায়ত এহেজাৰৰো অধিক শিক্ষার্থীৰ মাজৰ পৰা নিৰ্বাচিত ১৭০গৰাকী প্রতিভাৱান শিক্ষাৰ্থীৰ মাজৰ পৰাই পুনৰ নিৰ্বাচন কৰি ২৫গৰাকী শিক্ষার্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ ভাৰতীয় সংসদত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ’ব।
Assamese | July 3, 2026 7:08 PM | Young Indians Parliament 2026
যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ অনুষ্ঠানত ১৭০গৰাকী মেধাবী শিক্ষার্থীৰ অংশগ্রহণ