July 3, 2026 7:08 PM
7
যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ অনুষ্ঠানত ১৭০গৰাকী মেধাবী শিক্ষার্থীৰ অংশগ্রহণ
আজি বিধানসভা প্রেক্ষাগৃহত আয়োজিত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ ৩৩ জিলাৰ ৭১ বিদ্যালয়ৰ পৰা নিৰ্বাচিত ১৭০গৰাকী মেধাবী শিক্ষার্থীয়ে অংশগ্রহণ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। দেশৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত সংসদীয় গণতন্ত্র, নেতৃত্বৰ গুণ, যুক্তিবাদী চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ ক্ষেত্ৰত যুব সংসদ অনন্য পদক্ষেপ বুলি ডাঃ পেগুরে মন্তব্য কৰে। বিগত দুবছৰে এই মঞ্চই যুৱ প্ৰজন্মক সংসদীয় কার্যপ্রণালীত নীতি নির্ধাৰণ, আইন প্রণয়ন আৰু সার...