আজি যশস্বী বাঁহীবাদক, লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ ওপজা দিন। বৰপেটাত জন্মলাভ কৰা শিল্পীগৰাকীয়ে প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আর্টিছ হিচাপে সেৱা আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। বাঁহীবাদক হিচাপে এগৰাকী নিপুন শিল্পীৰ পৰিচয় দিয়া প্ৰভাত শৰ্মাই অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহক লৈ পাঞ্চজন্য শংখধবনি নামেৰে এটি সুৰ সমলয় গঠন কৰিছিল। পাছলৈ এই দলটিয়ে দেৱগান্ধাৰ নামে পৰিচিত হয়। তেওঁ সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, মোহমুক্তি, কদম তলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ ইত্যাদি অসমীয়া চিনেমাত সংগীত পৰিচালক হিচাপে কাম কৰাৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা প্ৰচাৰিত পথৰুঘাটে ৰিঙিয়াই আৰু বৃকোদৰ বৰুৱাৰ বিয়া আদি ধাৰাবাহিকৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত নাটক একাডেমী বঁটাকে ধৰি ভালেসংখ্যক বঁটা আৰু সন্মান লাভ কৰিছিল। ২০২১ চনত মৃত্যু হোৱা এইগৰাকী লোকসংগীতৰ শিল্পীৰ বাঁহীৰ সুৰে আজিও বহু শ্রোতাক বিমল আনন্দ দি আহিছে।
Assamese | July 7, 2026 12:17 PM | Prabhat sharma
যশস্বী বাঁহীবাদক, লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ আজি ওপজা দিন