July 7, 2026 12:17 PM
4
যশস্বী বাঁহীবাদক, লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ আজি ওপজা দিন
আজি যশস্বী বাঁহীবাদক, লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ ওপজা দিন। বৰপেটাত জন্মলাভ কৰা শিল্পীগৰাকীয়ে প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আর্টিছ হিচাপে সেৱা আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। বাঁহীবাদক হিচাপে এগৰাকী নিপুন শিল্পীৰ পৰিচয় দিয়া প্ৰভাত শৰ্মাই অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহক লৈ পাঞ্চজন্য শংখধবনি নামেৰে এটি সুৰ সমলয় গঠন কৰিছিল। পাছলৈ এই দলটিয়ে দেৱগান্ধাৰ নামে পৰিচিত হয়। তেওঁ সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, মোহমুক্তি, কদ...