প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত যমুনা নৈৰ বৰ্তমানৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত যমুনা নৈৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সজীৱতাৰ বাবে চলি থকা ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰা হয়। শ্রীমোদীয়ে নলাসমূহৰ প্ৰৱাহ জুখিবলৈ মাইক্ৰ’ লেভেল পৰ্যায়ৰ তথ্য সংগ্ৰহ কৰাৰ লগতে নলা পৰিশোধন প্লাণ্টৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ উপলদ্ধ উত্তম প্রযুক্তি ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে। এই বৈঠকত নগৰীয়া নদী ব্যৱস্থাপনা প্ৰস্তুত কৰি চিটী মাষ্টাৰ প্লেনৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, জলশক্তি মন্ত্রী চি আৰ পাৰ্টিল, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে চৰকাৰৰৰ উচ্চ পদস্থ বিষয়াসকলক এই বৈঠকত উপস্থিত থাকে।
Assamese | April 17, 2025 8:08 PM | PM Meeting
যমুনা নৈৰ বৰ্তমানৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে পর্যালোচনা বৈঠক