কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কৰে। সন্মিলনত ভাষণ শ্রী গোৱেলে কয়, যে মেক্ ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৌশলগত পদক্ষেপসমূহৰ জৰিয়তে দেশ উদ্ভাৱন আন্তঃগাঁথনিৰ বিকাশ আৰু অৰ্থনৈতিক ৰূপান্তৰকৰণৰ দিশত খৰতকীয়া গতিৰে আগবাঢ়িছে। দেশত বহু সুযোগৰ এতিয়াও অন্বেষণ হোৱা নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে পূৰ্বে সামগ্ৰীৰ গুণগত মান এটা উদ্বেগৰ বিষয় আছিল। কিন্তু বৰ্তমান ভাৰত সেই স্থিতিৰ পৰা বহু ওপৰলৈ আহিছে। তেওঁ লগতে সামগ্ৰীৰ বহন ক্ষমতাৰ বিষয়টোও ব্যৱসায় বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে দক্ষতা নির্মাণে দেশৰ অৰ্থনীতি শক্তিশালী কৰে আৰু দক্ষতাৰ বিকাশে ভৱিষ্যতে বহু নতুন কর্ম সংস্থাপনৰ সৃষ্টি কৰিব।
Assamese | February 27, 2025 3:20 PM | Akashvani News | pijush gowel
মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ