September 8, 2026 12:19 PM | PM Modi

printer

মুম্বাইত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গ্লোৱেল ফিনটেক ফেষ্ট-২০২৬ৰ উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত হ’বলগীয়া গ্লোৱেল ফিনটেক ফেষ্ট-চমুকৈ জি এফ এফ ২০২৬ৰ উদ্বোধন কৰিব। এই বৰ্ষৰ জি এফ এফ ২০২৬ৰ মূল বিষয়বস্তু হৈছে- “Potential to Impact: Agentic AI, Tokenisation, Quantum – Trusted, Connected, Global Systems for Inclusive Finance.”

জি এফ এফ হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু প্ৰভাৱশালী বার্ষিক বিত্তীয় প্রযুক্তি সন্মিলন। উল্লেখযোগ্য যে জি এফ এফ ২০২৬ ৰ জৰিয়তে ডিজিটেল লেনদেন আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ ওপৰত ভিত্তি কৰি সম্ভাৱনাৰ পৰা বাস্তৱ প্ৰভাৱৰ দিশে আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, কোৱান্টাম প্রযুক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথা উদীয়মান প্ৰযুক্তিয়ে কেনেদৰে বিশ্বৰ জনসাধাৰণ, উদ্যোগ আৰু অৰ্থনীতিৰ বাবে বিশ্বাসযোগ্য, সৰ্বাঙ্গীন আৰু পৰিমাপযোগ্য ফলাফল সৃষ্টি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হ’ব।

উল্লেখযোগ্য যে ২০২০ ৰ পৰা অনুষ্ঠিত হৈ অহা এই গোলকীয় ফিৰ্টেক মহোৎসৱ হৈছে- নীতি নিৰ্ধাৰক, কেন্দ্রীয় বেংক, বিত্তীয় প্রতিষ্ঠান ফিনটেক্স, প্রযুক্তি কম্পেনী, বিনিয়োগকাৰী আদি একেখন মঞ্চত একত্ৰিত হৈ ভৱিষ্যতৰ বিত্তীয় ৰূপৰেখা তৈয়াৰ কৰা এখন নেতৃত্বৰ মঞ্চ। মুম্বাইত অনুষ্ঠিত এই মহোৎসৱৰ সপ্তম সংস্কৰণ অহা ১১ ছেপ্তেম্বৰত সামৰণি পৰিব ।