মানুহ-বন্যপ্ৰাণীৰ সংঘাতত প্রাণহানি হোৱা ব্যক্তিৰ পৰিয়ালে যাতে ঘটনাৰ ৭২ ঘণ্টাৰ ভিতৰতে চৰকাৰে প্ৰদান কৰিব লগা ৬ লাখ টকাৰ এককালীন সাহায্য লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নির্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এছ অ’ পি জাৰি কৰিছে। বিভাগটোৱে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰেপৰা বাজেটত এই সন্দৰ্ভত পৃথক ধন আৱণ্টন দিয়াৰ লগতে জিলা প্রশাসনকো আগতীয়াকৈ নিৰ্ধাৰিত সাহায্যৰ ধন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। বন্যপ্ৰাণীৰ আক্ৰমণত মৃত্যু হোৱা ব্যক্তিগৰাকীৰ নিকটাত্মীয়ই যাতে ৪৮ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰতে চৰকাৰী সাহায্য লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নির্ধাৰিত ৬ লাখ টকাৰ সাহায্য ৰাশিৰ ৪ লাখ টকা ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা আৰু ২ লাখ টকা ৰাজ্য চৰকাৰৰ আন এটা নিৰ্ধাৰিত শিতানৰ পৰা জিলা আয়ুক্তই মুকলি কৰিব পাৰিব। সংশ্লিষ্ট বন বিষয়া আৰু আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰি সাহায্য লাভৰ বাবে আৰক্ষীৰ প্ৰতিবেদন, দণ্ডাধীশৰ তদন্তৰ প্ৰতিবেদন, ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিবেদন, বন বিষয়াৰ যোগ্যতা সম্পৰ্কীয় প্রতিবেদন, মৃতকৰ পৰিচয় পত্র, নিকটাত্মীয়ৰ তথ্য আৰু বেংক একাউণ্টৰ সবিশেষ দাখিল কৰিব লাগিব। সাধাৰণ ক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰাটো বাধ্যতামূলক নহ’লেও সন্দেহজনক আইনী অথবা অপৰাধজনিত বিষয় জড়িত থাকিলে সংশ্লিষ্ট কর্তৃপক্ষই এই প্রতিবেদন বিচাৰিব পাৰিব।
Assamese | October 23, 2026 12:38 PM | Assam Govt
মানুহ-বন্যপ্ৰাণীৰ সংঘাতত প্রাণহানি হোৱা ব্যক্তিৰ পৰিয়ালৰ সাহায্য সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন নির্দেশনা জাৰি