September 18, 2024 7:02 PM | Manas National Park open

printer

মানস ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ অহা ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব। মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি ৰমেশে এখন জাননীযোগে এই কথা সদৰি কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয় তথা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰী বিধি অনুসৰি মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এই ঘোষণা কৰে। ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে পুনৰ জাননী নিদিয়া পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে মুকলি থাকিব। উল্লেখযোগ্য যে যোৱা ২০ জুনত বাৰিষাৰ পৰিপ্ৰেক্ষিতত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰা হৈছিল। অহা ১ অক্টোবৰত উদ্যানখন মুকলি কৰাৰ পাছতে পৰ্যটকে উদ্যানখনত জীপ চাফাৰী, হাতী চাফাৰী, ৰিভাৰ ৰাফটিং আদি উপভোগ কৰিব পাৰিব। অৱশ্যে প্ৰতি মঙলবাৰে পূৰ্বৰ দৰে উদ্যানখনত পৰ্যটন সম্পৰ্কীয় কার্যকলাপ বন্ধ ৰখা হ’ব।