দেশী-বিদেশী পৰ্যটকৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি

মানস ৰাষ্ট্ৰীয় উদ্যান আজি দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব। বি টি চি প্রধান হাগ্রামা মহিলাৰী, বি টি চিৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য জেমছ বসুমতাৰী, মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষকে ধৰি কেবাগৰাকী শীর্ষ বিষয়াৰ উপস্থিতিত পুৱা বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ ২০২৬-২৭ পৰ্যটন বর্ষৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰা হ’ব।

এই উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্রবেশদ্বাৰ আৰু ইয়াৰ চৌপাশৰ এলেকাসমূহ সজাই-পৰাই তুলিছে।

ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ব। পূব অসম বন্যপ্রাণী সংমণ্ডলৰ কার্যালয়ে জাৰি কৰা জাননী অনুসৰি ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী আৰম্ভ হ’ব।

পুৱা ৭বাজি ৩০ মিনিটৰ পৰা ১০ বজালৈ আৰু দিনৰ ১.৩০ বজাৰ পৰা ৩ বজালৈ জীপ চাফাৰীৰ সময় নির্ধাৰণ কৰা হৈছে। প্রতি বছৰৰ দৰেই এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী-বিদেশী পর্যটকৰ ভিৰ হ’ব বুলি আশা কৰা হৈছে।