মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ’ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে মিজোৰামৰ আইজলৰ সমীপত অভিযান চলাই যোৱা বুধবাৰে প্ৰায় ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ জন সৰবৰাহকাৰীক আটক কৰে। ইয়াৰে জবৰুল হক নামৰ কৰিমগঞ্জৰ নিবাসীজন এই মাদকদ্রব্য সৰবৰাহ চক্ৰৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে
প্ৰকাশ কৰিছে। এই লোকজনৰ বিৰুদ্ধে তিনিটা গোচৰ ইতিমধ্যে ৰুজু হৈ আছে বুলি আৰক্ষীয়ে জনাইছে। প্ৰাৰম্ভিক তদন্ত অনুসৰি মাদকদ্রব্যখিনি চম্ফাইৰ সমীপৰ ভাৰত-ম্যানমাৰ সীমান্তয়েদি সোণামূৰালৈ লৈ যোৱা হৈছিল। উল্লেখযোগ্য যে ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে উন্নত সহযোগিতা তথা গুৰুত্বপূৰ্ণ অভিযানৰ পৰিপ্ৰেক্ষিতত মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰ’ই গুৱাহাটীত এটা নতুন আঞ্চলিক কার্যালয় স্থাপন কৰিছে। ইটানগৰ, শিলিগুৰি আৰু আগৰতলাতো একোটাকৈ নতুন মাণ্ডলিক কার্যালয় স্থাপন কৰা হৈছে। তদুপৰি আইজল আৰু ডিমাপুৰত ক্ষেত্র বিষয়াৰ কাৰ্যালয় স্থাপন কৰা হৈছে।
Assamese | December 5, 2025 2:41 PM | Aakashbani | Akashvani | Illegal wine
মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ’ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অভিযানত ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ সৰবৰাহকাৰীক আটক