December 5, 2025 2:41 PM

views 67

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ’ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অভিযানত ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ সৰবৰাহকাৰীক আটক

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ' আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে মিজোৰামৰ আইজলৰ সমীপত অভিযান চলাই যোৱা বুধবাৰে প্ৰায় ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ জন সৰবৰাহকাৰীক আটক কৰে। ইয়াৰে জবৰুল হক নামৰ কৰিমগঞ্জৰ নিবাসীজন এই মাদকদ্রব্য সৰবৰাহ চক্ৰৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই লোকজনৰ বিৰুদ্ধে তিনিটা গোচৰ ইতিমধ্যে ৰুজু হৈ আছে বুলি আৰক্ষীয়ে জনাইছে। প্ৰাৰম্ভিক তদন্ত অনুসৰি মাদকদ্রব্যখিনি চম্ফাইৰ সমীপৰ ভাৰত-ম্যানমাৰ সীমান্তয়েদি সোণামূৰালৈ লৈ যোৱা হৈছিল। উল্লেখযোগ্য যে ৰাজ্যিক কৰ্তৃপক্ষৰ ...

December 3, 2025 12:09 PM

views 61

কাছাৰত আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্র উৎখাত

গুৱাহাটীৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাই কাছাৰত কালি এটা আন্তঃৰাষ্ট্ৰীয় মাদকদ্রব্য সৰবৰাহকাৰী চক্রক উৎখাত কৰে। সংস্থাৰ এটা দলে শিলচৰৰ সমীপৰ বৰাক নদীত অভিযান চলাই এখন নাৱৰ পৰা প্ৰায় ৬ কিলোগ্রাম হেৰোইন জব্দ কৰে। হেৰোইনখিনিৰ মূল্য ১২.৫০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ঘটনা সন্দৰ্ভত লখিমপুৰৰ জেকব হামাৰ আৰু মেলদি হামাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

August 11, 2025 12:03 PM

views 67

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

● অসম আৰক্ষীয়ে মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ গৌৰীপুৰত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্রব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰ বালাজান দ্বিতীয় খণ্ড গাঁৱত মাদকদ্রব্য বিক্ৰী কৰি থকাৰ সময়তে অঞ্চলটোৰ লোকে সৰবৰাহকাৰীকেইজনক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱককেইজন লালকুৰাৰ জাকিৰুল হক, বালাজানৰ ছফিকুল হক আৰু আবু তালেব শ্বেইখ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে যুৱককেইজনৰ পৰা মাদকদ্ৰব্য ভৰ্তি ছটা কণ্টেইনাৰ আৰু দুটা ম'বাইল ফোন জব্দ কৰে। ইপিনে, কাছাৰ জিলা আৰক্ষীয়ে শিলচৰ চহৰত ...