July 4, 2026 10:49 AM | Massa tea

printer

মাচ্চা চাহ উৎপাদন কৰি চোটা টিংৰাই চাহ বাগিচাৰ ইতিহাস ৰচনা

তিনিচুকীয়াৰ চোটা টিংৰাই চাহ বাগিচাই দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচ্চা চাহ উৎপাদন কৰি ইতিহাস ৰচনা কৰিছে। প্ৰথম পৰ্যায়ত উৎপাদিত মাচ্চা চাহৰ কিছু অংশ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ইতিমধ্যে তিনি হাজাৰ টকাত বিক্ৰী হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয়, যে চাহ বাগিচাখনে দেশত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচ্চা চাহৰ উৎপাদন কৰি ৰাজ্যৰ চাহ উদ্যোগক নতুন শিখৰলৈ লৈ গৈছে। তেওঁ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত এই মাচ্চা চাহৰ প্রথমে উৎপাদিত কিছু অংশ তিনি হাজাৰ টকাত বিক্ৰী হোৱাটো অসমৰ উদ্ভাৱনি শক্তি, গুণগত মান আৰু বিশ্বমানৰ সামৰ্থৰ উজ্জ্বল স্বীকৃতি বুলিও অভিহিত কৰে। তেওঁ কয়, যে জাপানৰ বিশেষজ্ঞ আৰু আধুনিক প্ৰযুক্তিৰ সৈতে দীর্ঘ দিনীয়া সহযোগিতাৰ ফলস্বৰূপে অসম চাহৰ এই নতুন যাত্ৰাই ভাৰত-জাপান বন্ধুত্ব কো সুদৃঢ় কৰি তুলিছে। পৰম্পৰা, দক্ষতা আৰু উদ্ভাৱনৰ সুন্দৰ সমন্বয়েৰে অসমে সম্প্রতি বিশ্ব চাহ উদ্যোগত নতুন দিশ নিৰ্ধাৰণ কৰিছে বুলি ড০ শৰ্মাই মন্তব্য কৰে।