July 4, 2026 10:49 AM

views 26

মাচ্চা চাহ উৎপাদন কৰি চোটা টিংৰাই চাহ বাগিচাৰ ইতিহাস ৰচনা

তিনিচুকীয়াৰ চোটা টিংৰাই চাহ বাগিচাই দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচ্চা চাহ উৎপাদন কৰি ইতিহাস ৰচনা কৰিছে। প্ৰথম পৰ্যায়ত উৎপাদিত মাচ্চা চাহৰ কিছু অংশ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ইতিমধ্যে তিনি হাজাৰ টকাত বিক্ৰী হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয়, যে চাহ বাগিচাখনে দেশত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচ্চা চাহৰ উৎপাদন কৰি ৰাজ্যৰ চাহ উদ্যোগক নতুন শিখৰলৈ লৈ গৈছে। তেওঁ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত এই মাচ্চা চাহৰ প্রথমে উৎপাদিত কিছু অংশ তিনি...