মহিলাসকলক স্বাৱলম্বী হ’ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱেই প্রকৃত সৱলীকৰণ বুলি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্রকাশ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত আজি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে সম্প্রতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে।
শিক্ষানুষ্ঠানসমূহে শিক্ষার্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণণে মত প্রকাশ কৰে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামুহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাটো লৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে।
তেওঁ অসমক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ লগতে ভাষা-সাহিত্য, সংস্কৃতিলৈ অৱদান আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কথাও সোঁৱৰণ কৰে। তদুপৰি অসমৰ চাহৰ বিষয়েও তেওঁ প্রশংসাসূচক মন্তব্য কৰে।