September 6, 2026 6:51 PM

views 5

মহিলাসকলক স্বাৱলম্বী হ’ব পৰাকৈ উপযুক্ত শিক্ষা প্রদান কৰাটোৱেই প্রকৃত সৱলীকৰণ বুলি শংকৰদেৱ কলাক্ষেত্ৰত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মত প্রকাশ

মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱেই প্রকৃত সৱলীকৰণ বুলি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্রকাশ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত আজি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে সম্প্রতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষার্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণণে মত ...

September 6, 2026 12:44 PM

views 5

কৃত্রিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, মহাকাশ, প্রযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হোৱা বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ প্ৰকাশ

উপ-ৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণণ দুদিনীয়া অসম ভ্রমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ, শ্ৰী ৰাধাকৃষ্ণনে কয়, যে শিক্ষা মানুহৰ জ্ঞান, বিবেক, চৰিত্ৰ আৰু চেতনা বিকাশৰ মাধ্যম। কৃত্রিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, মহাকাশ, প...