উপ-ৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণণ দুদিনীয়া অসম ভ্রমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত অংশ লৈ, শ্ৰী ৰাধাকৃষ্ণনে কয়, যে শিক্ষা মানুহৰ জ্ঞান, বিবেক, চৰিত্ৰ আৰু চেতনা বিকাশৰ মাধ্যম। কৃত্রিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, মহাকাশ, প্রযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হোৱা বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষার্থীসকলক ডাঙৰ সপোন দেখিবলৈ আহ্বান জনায়।
বিয়লি শ্রী ৰাধাকৃষ্ণণে গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল’ব।
উপ-ৰাষ্ট্ৰপতিগৰাকী কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল’ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্রত শিক্ষার্থী, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব।
অসম ভ্রমণ সামৰি উপ-ৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ’ব। তাত তেওঁ ছ’ছ’থাম প্রেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যর্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আই এন এ সংগ্ৰহালয় তথা যুদ্ধস্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব।