ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহা শিৱৰাত্ৰি উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে দেৱাদিদেৱ মহাদেৱে সকলো নাগৰিক আৰু দেশৰ উন্নতিৰ বাবে আশীৰ্বাদ আগবঢ়োৱাৰ বাবে প্ৰাৰ্থনা জনায়। উপ-ৰাষ্ট্ৰপতি শ্রী ধনখড়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিৱৰাত্ৰি আত্মবিশ্বাস আৰু আধ্যাত্মিক সচেতনতাৰ প্ৰতীক বুলি অভিহিত কৰি এই উৎসৱে জ্ঞান, ধৈৰ্য্য আহৰণত উৎসাহ যোগায় বুলিও মন্তব্য কৰে। ভগৱান শিৱৰ আশীৰ্বাদে দেশক উন্নতিৰ পথলৈ আগবঢ়াই নিয়াৰ লগতে সমৃদ্ধিশালী কৰি তুলিব বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। প্রধানমন্ত্রী শ্রী মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই পৱিত্ৰ উৎসৱে দেশৰ জনসাধাৰণলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰে। এই উৎসৱে শক্তিশালী ভাৰত গঢ়াৰ সংকল্পত সহায় কৰিব বুলিও প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে।
Assamese | February 26, 2025 6:53 PM | Shibaratri
মহা শিৱৰাত্ৰি উপলক্ষে দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন