February 26, 2025 6:58 PM

views 37

সমগ্ৰ দেশতে মহা শিৱৰাত্ৰি পালন

মহা শিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেীটিঙকে ধৰি বিভিন্ন স্থানত আজি যথাৰীতি আশুতোষৰ আৰাধনা কৰা হয়। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা-অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। যোৰহাট লোক...

February 26, 2025 6:53 PM

views 32

মহা শিৱৰাত্ৰি উপলক্ষে দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহা শিৱৰাত্ৰি উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে দেৱাদিদেৱ মহাদেৱে সকলো নাগৰিক আৰু দেশৰ উন্নতিৰ বাবে আশীৰ্বাদ আগবঢ়োৱাৰ বাবে প্ৰাৰ্থনা জনায়। উপ-ৰাষ্ট্ৰপতি শ্রী ধনখড়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিৱৰাত্ৰি আত্মবিশ্বাস আৰু আধ্যাত্মিক সচেতনতাৰ প্ৰতীক বুলি অভিহিত কৰি এই উৎসৱে জ্ঞান, ধৈৰ্য্য আহৰণত উৎসাহ যোগায় বুলিও মন্তব্য কৰে। ভগৱান শিৱৰ আশীৰ্বাদে দ...