প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বৰ উদ্ধৃতি দি কয় যে নতুন দিল্লীয়ে সদায় ৰাছিয়াৰ বন্ধুসকলৰ কাষত থিয় দি আহিছে। এটা বিবৃতিযোগে প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মস্কোত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভৰ সৈতে সামৰিক, কাৰিকৰী সহযোগিতা সম্পৰ্কীয় ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ ২১ সংখ্যক বৈঠকৰ সহ অধ্যক্ষতা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ৰাছিয়া ভ্রমণে দেশ দুখনৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিছে। মেক ইন ইণ্ডিয়া প্ৰকল্পত ৰাছিয়াৰ উদ্যোগসমূহৰ অংশগ্রহণ বৃদ্ধিৰ বাবে বৈঠকত দুয়োপক্ষই গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মস্কোৰ অজ্ঞাত সৈনিকৰ সমাধিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
Assamese | December 11, 2024 1:46 PM | India Defiance Minister | Rajnath Singh
মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক