মন্ত্রী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজুৰ ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহান আৰু কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অসম আৰু অৰুণাচল প্ৰদেশৰ শেহতীয়া বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহানে ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেন চাপৰিত হেলিকপ্তাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্রস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্রী দুগৰাকীৰ সৈতে অসমৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্রী অতুল বৰা, শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ড, সাংসদ প্রদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূবন পেণ্ড উপস্থিত থাকে। পৰিদৰ্শন কালত শ্রীচৌহানে বানাক্রান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ জৰীপ চলাই শীঘ্রেই ক্ষতিপূৰণ আদায় দিয়া হ’ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীর্ঘম্যাদী আঁচনিৰো পোষকতা কৰে।

ইয়াৰ পূৰ্বে শ্রীচৌহান আৰু ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খান্দুৰ সৈতে ৰাজ্যখনৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। দলটোৱে প্রথমে পূব ছিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্রস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বোয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ ২০টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত-বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আর্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্রদানৰ প্ৰতিশ্রুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্রেই সম্পন্ন কৰাৰ নিশ্চয়তা প্রদান কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেবী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে।

ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেয়ী পান্যৰ জিলাৰ নীপকো ক’লনী পৰিদৰ্শন কৰে। এই স্থানত যোৱা ২৪ জুনত আকস্মিক বানে ভালেসংখ্যক বাসগৃহ আৰু পথ উটুৱাই লৈ গৈছিল। ক্ষতিগ্রস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰি শ্ৰীচৌহানে বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিৰন্তৰ সমর্থন আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰি ক্ষতিগ্রস্ত লোকসকলৰ সহায়ৰ বাবে কাম কৰিব। মন্ত্ৰীগৰাকীয়ে নীপকো ক’লনীৰ ভিতৰত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি গৃহহীন লোকসকলৰ সৈতে সময় অতিবাহিত কৰে আৰু তেওঁলোকক নিৰাশ নহ’বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে ৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২১জন লোক আহত হৈছে।

কেন্দ্রীয় মন্ত্রী দুগৰাকীয়ে আজি সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব।