ভিয়েটনামৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগৰ ফলত বৰ্তমানলৈ আন ১২গৰাকী লোক সন্ধানহীন হৈ আছে। ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত ১, ১৫৪টা বাসগৃহ ক্ষতিগ্রস্ত হোৱাৰ লগতে ৮০,৮০০ হেক্টৰতকৈও অধিক পৰিমাণৰ কৃষিভূমিৰ ধান আৰু অন্যান্য শস্য বানৰ কবলত পৰা বুলি তথ্যত প্ৰকাশ পাইছে। শেহতীয়া এই ঘটনাত হোৱা ক্ষতিৰ পৰিমাণ প্রায় ৩৫ কোটি ৮০ লাখ মার্কিন ডলাৰ হ’ব বুলি ঠাৱৰ কৰা হৈছে। ভিয়েটনামৰ চৰকাৰে মধ্য ভিয়েটনামৰ চাৰিখন মহানগৰীৰ বাবে বৰ্তমানলৈ প্রায় ১৭৯ কোটি ৩০ লাখ মার্কিন ডলাৰৰ জৰুৰী সাহায্য পুঁজিত অনুমোদন জনাইছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনে উদ্ধাৰ আৰু সাহায্য অভিযান খৰতকীয়া কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলো পক্ষক আহ্বান জনাইছে।
Assamese | November 23, 2025 7:16 PM | Vietnam Flood
ভিয়েটনামৰ বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি