November 23, 2025 7:16 PM

views 58

ভিয়েটনামৰ বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি

ভিয়েটনামৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগৰ ফলত বৰ্তমানলৈ আন ১২গৰাকী লোক সন্ধানহীন হৈ আছে। ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত ১, ১৫৪টা বাসগৃহ ক্ষতিগ্রস্ত হোৱাৰ লগতে ৮০,৮০০ হেক্টৰতকৈও অধিক পৰিমাণৰ কৃষিভূমিৰ ধান আৰু অন্যান্য শস্য বানৰ কবলত পৰা বুলি তথ্যত প্ৰকাশ পাইছে। শেহতীয়া এই ঘটনাত হোৱা ক্ষতিৰ পৰিমাণ প্রায় ৩৫ কোটি ৮০ লাখ মার্কিন ডলাৰ হ'ব বুলি ঠাৱৰ কৰা হৈছে। ভিয়েটনামৰ চৰকাৰে মধ্য ভিয়েটনামৰ চাৰিখন মহানগৰীৰ বাবে বৰ্তমানলৈ প্রায় ১৭৯ কোটি ৩০ লাখ মার্কি...

November 21, 2025 11:06 AM

views 55

ভিয়েটনামত বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি

ভিয়েটনামত নেৰা-নেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাইছে। বিগত তিনিদিনত মধ্য ভিয়েটনামৰ ভালেমান অংশত হোৱা ১৫০ ছেণ্টিমিটাৰৰ অধিক বৰষুণৰ বাবে অঞ্চলটোৰ গাঁও-নগৰসমূহ বানত বুৰ গৈছে। ভিয়েটনামত পৰিৱেশ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে দেশখনৰ ৬টা প্ৰান্তত কেইবাজনো লোকৰ মৃত্যু হৈছে আৰু ৯ জন লোক সন্ধানহীন হৈ আছে। বাঢ়নী পানীয়ে ৫২ হাজাৰৰো অধিক বাসগৃহ বুৰাই পেলাইছে আৰু প্ৰায় ৬২ হাজাৰ লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিবলগীয়া হৈছে। ভূমিস্কলনৰ বাবে কেইবাটাও বাটপথ যাতায়তৰ বাবে বন্...