বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীয়ুষ গোৱেলে কয় যে পাৰস্পৰিক বুজাপৰা আৰু সহযোগিতাৰে ভাৰত আৰু ইউৰোপৰ মাজৰ ব্যৱসায় যথেষ্ট বৃদ্ধি কৰিব পৰা যায়। নতুন দিল্লীত কালি ইউৰোপীয় ব্যৱসায় সংঘৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্রীগোৱেলে কয় যে, বিশ্ব প্রতিশোধৰ সিদ্ধান্তৰে কাম কৰিব নোৱাৰে বৰং পাৰস্পৰিক সহযোগিতাৰে বিভিন্ন সমস্যাৰ সমাধান উলিয়াব লাগিব। তেওঁ লগতে ইউৰোপীয় সংঘৰ নীতি আৰু নিবনানীকৰণ, কাৰ্বন সীমা, সংযোজন তন্ত্ৰৰ সৈতে জড়িত কাম-কাজে ভাৰতীয় উদ্যোগৰ ওপৰত প্ৰভাৱ পেলাইছে। ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্পৰ্কীয় আলাপ-আলোচনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ইউৰোপীয় দেশসমূহ জীৱন্ত গণতন্ত্র, আইনৰ শাসন, বৈচিত্র্যপূৰ্ণ জনগাঁথনি আৰু সুস্থিৰতা তথা বিকাশৰ আশ্বাস প্ৰদান কৰা নির্ণায়ক নেতৃত্বৰ বাবে ভাৰতৰ প্ৰতি আকৰ্ষিত হয়।
Assamese | October 12, 2024 11:45 AM | Piyush Goyal
ভাৰত আৰু ইউৰোপৰ মাজৰ ব্যৱসায় যথেষ্ট বৃদ্ধি কৰিব পৰা যাব : পীয়ুষ গোৱেল