ব্ৰীকচ ৰাষ্ট্ৰসমূহে আন্তর্জাতিক কৃষিলৈ ৪২ শতাংশ পর্যন্ত বৰঙণি আগবঢ়াই আহিছে- শিৱৰাজ সিং চৌহান

মধ্য প্ৰদেশৰ ইন্দোৰত ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্ৰীকচ কৃষি সন্মিলনৰ আজি অন্ত পৰে। সন্মিলনৰ অন্তত সৰ্বসন্মতভাৱে ইন্দোৰ ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। এই ঘোষণাপত্ৰত ডিজিটেল কৃষি, কৃষি বাণিজ্য, পৰিবেশ অনুকুল কৃষি, কৃষক কল্যান তথা খাদ্য সুৰক্ষা সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ব্ৰীকচ ৰাষ্ট্ৰসমূহে বিশ্বৰ প্ৰায় অর্ধসংখ্যক জনসাধাৰণক প্রতিনিধিত্ব কৰে বুলি উল্লেখ কৰি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে এই দেশসমূহে আন্তর্জাতিক কৃষিলৈ ৪২ শতাংশ পর্যন্ত বৰঙণি আগবঢ়াই আহিছে। ইন্দোৰ ঘোষণাপত্ৰ কেৱল এখন চুক্তিৰ নথিয়েই নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া হৈছে উমৈহতীয়া সদিচ্ছা তথা ব্ৰীকচ দেশসমূহৰ উমৈহতীয়া দায়িত্বৰ প্ৰতিফলন। এই সন্মিলনত ৪ টা নতুন প্রাতিষ্ঠানিক পদক্ষেপৰ বিষয়ে ঘোষণা কৰা হয়। ইয়াৰে প্ৰথমটো পদক্ষেপৰ অধীনত প্রাকৃতিক আৰু পুনৰ নৱীকৰণযোগ্য কৃষিৰ যুটীয়া গৱেষণাৰ বাবে উৎকর্ষ কেন্দ্ৰৰ এটা নেটৱৰ্ক স্থাপন কৰা হ’ব। দ্বিতীয় পদক্ষেপৰ অধীনত কৃত্রিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ সৈতে কৃষিৰ সমন্বয় সাধন কৰাৰ উদ্দেশ্যে ব্ৰীকচ ডিজিটেল কৃষি নেটৱৰ্ক স্থাপন কৰা হ’ব। তৃতীয় পদক্ষেপৰ অধীনত পৰম্পৰাগত বীজ সংৰক্ষণ কৰাৰ উপৰি কৃষকসকলৰ এই সম্পৰ্কীয় অধিকাৰ সুৰক্ষা দিয়াৰ উদ্দেশ্যে এখন গোলকীয় মঞ্চ গঠন কৰা হ’ব। আনহাতে, চতুর্থ পদক্ষেপৰ অধীনত ব্ৰীকচৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত জিনিয়া সম্পদ তথা কৃষিজাত নতুন ধাৰণা সমূহ বিনিময় কৰাৰ বাবে ব্ৰীকচ এগ্ৰী নেটৱৰ্ক গঠন কৰা হ’ব। চৰকাৰে কৃষকসকলৰ বাবে ২৬৬ টকাত ইউৰীয়া আৰু এহেজাৰ ৩৫০ টকা ডি এ পি যোগান অব্যাহত ৰাখিব বুলি শ্রীচৌহানে সদৰি কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।