August 1, 2026 12:12 PM | UK PM Congratulations

printer

ব্রিটেইনৰ প্রধানমন্ত্রী এণ্ডি বার্নহামক নতুন পদবীৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্রিটেইনৰ প্রধানমন্ত্রী এণ্ডি বার্নহামক নতুন পদবীৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি আলোচনাকালত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ব্রিটেইনৰ মাজত থকা সর্বাত্মক কৌশলগত সহযোগিতাক অধিক আগুৱাই নিয়াৰ লগতে প্রযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, নিৰাপত্তা, নিকা শক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজত থকা সম্পৰ্কৰ বিষয়ে কথা পাতে। তেওঁ লগতে কয়, যে শেহতীয়াকৈ সম্পন্ন হোৱা সর্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তিৰ জৰিয়তে ভাৰত আৰু ব্রিটেইনৰ মাজত থকা বাণিজ্য আৰু বিনিয়োগৰ সুযোগসমূহ সম্পূর্ণৰূপে ব্যৱহাৰ কৰিবলৈ উভয় দেশে সহযোগিতাৰে কাম কৰিব। বাৰ্তালাপৰ সময়ছোৱাত শ্রী মোদীয়ে ব্রিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক সফল কার্যকালৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।