মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে একোজনকৈ ন’ডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে ২৪ ঘণ্টাই খোলা থকা হেল্প লাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ সহায়ত দাবী নিষ্পত্তি কৰিব পাৰিব।
একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চায়েই ধন আদায় দিব পাৰিব। বান ক্ষতিগ্রস্ত লোকসকলৰ বীমাৰ দাবী নিষ্পত্তি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত ৪৬ টা বীমা কোম্পানীৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত ৯ আগষ্টত হ’বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে ৷