বিশ্বৰ বিভিন্ন স্থানত পালন কৰা আন্তর্জাতিক মাটিকঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলঙ্গাপাহাৰ গাঁৱতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিনজিৰাম এগ্র’ ফাৰ্মাৰ প্রডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৱে এই দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে। এই উপলক্ষে নলঙ্গাপাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটিকঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ নলঙ্গাপাহাৰ গাঁওখন মাটিকঠাল বা আনাৰসৰ উৎপাদনৰ বাবে ৰাজ্যৰ ভিতৰতে বিখ্যাত এই পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে দীর্ঘদিন ধৰি মাটিকঠালৰ খেতি কৰিয়েই জীবিকা নির্বাহ কৰি আহিছে। এইবিধ খেতিৰ বাবে অতিশয় উপযোগী হিচাপে বিবেচিত ভূমিত কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধ প্রয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা নলঙ্গাপাহাৰৰ মাটিকঠাল ইয়াৰ সোৱাদৰ বাবে কাষৰীয়া বঙাইগাঁও, বৰপেটা, নলবাৰী আদিৰ জিলাৰ লগতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি বহিঃৰাজ্যতো সমাদৃত হৈ আহিছে।