June 27, 2026 9:35 PM

views 11

আন্তর্জাতিক মাটিকঁঠাল দিৱস উপলক্ষে গোৱালপাৰাৰ নলংগাপাহাৰ গাঁৱত বিশেষ কাৰ্যসূচী

আজি আন্তর্জাতিক মাটিকঠাল দিৱস। এই উপলক্ষে গোৱালপাৰা জিলাৰ কৃষক সংগঠন জিনজিৰাম এগ্রো ফাৰ্মাৰ প্রডিউচাৰ কোম্পানীৰ উদ্যোগত আজি জিলাখনৰ মাটিকঠাল বা আনাৰসৰ বাবে বিখ্যাত নলংগাপাহাৰ গাঁৱত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।  পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে মাটিকঠালৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ প্রয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলংগাপাহাৰৰ আনাৰস অতি মিঠা আৰু সোৱাদযুক্ত বাবে যথেষ্ট জনপ্রিয়। বৰপেটা, বঙাইগাঁও, নলবাৰী জিলাৰ উপৰি বি...

June 27, 2026 9:33 PM

views 14

নতুন দিল্লীত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত তিনিদিনীয়াকৈ ত্ৰিপুৰা গোলকীয় মাটিকঁঠাল মহোৎসৱ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা আৰু ড'নাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত তিনিদিনীয়া ত্ৰিপুৰা গোলকীয় মাটিকঁঠাল মহোৎসৱ মুকলি কৰে।  এই উপলক্ষে মুখ্যমন্ত্রী সাহাই কয়, যে ত্ৰিপুৰাত বছৰি প্ৰায় এক দশমিক ৭-৮ৰ পৰা এক দশমিক ৮-৮ লাখ মেট্রিক টন মাটিকঁঠাল উৎপাদন হয়। ইয়াৰ ভিতৰত প্ৰায় ২৩ হাজাৰ মেট্রিকটন জি আই টেগযুক্ত কুইন প্ৰজাতিৰ মাটিকঁঠাল আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।  মাটিকঁঠালক ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু কৃষি সামৰ্থৰ প্ৰত...

June 27, 2026 1:21 PM

views 21

বিশ্বৰ বিভিন্ন স্থানত আন্তর্জাতিক মাটিকঠাল দিৱস উদযাপন

বিশ্বৰ বিভিন্ন স্থানত পালন কৰা আন্তর্জাতিক মাটিকঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলঙ্গাপাহাৰ গাঁৱতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিনজিৰাম এগ্র' ফাৰ্মাৰ প্রডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৱে এই দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে। এই উপলক্ষে নলঙ্গাপাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটিকঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ নলঙ্গাপাহাৰ গাঁওখন মাটিকঠাল বা আনাৰসৰ উৎপাদনৰ বাবে ৰাজ...