আজি আন্তর্জাতিক মাটিকঠাল দিৱস। এই উপলক্ষে গোৱালপাৰা জিলাৰ কৃষক সংগঠন জিনজিৰাম এগ্রো ফাৰ্মাৰ প্রডিউচাৰ কোম্পানীৰ উদ্যোগত আজি জিলাখনৰ মাটিকঠাল বা আনাৰসৰ বাবে বিখ্যাত নলংগাপাহাৰ গাঁৱত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে মাটিকঠালৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ প্রয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলংগাপাহাৰৰ আনাৰস অতি মিঠা আৰু সোৱাদযুক্ত বাবে যথেষ্ট জনপ্রিয়। বৰপেটা, বঙাইগাঁও, নলবাৰী জিলাৰ উপৰি বিভিন্ন ৰাজ্যলৈ নলংগাপাহাৰৰ আনাৰস প্ৰেৰণ কৰা হৈ আহিছে। উদ্যানশস্য বিভাগে গাঁওখনৰ ৰাইজক এই ক্ষেত্ৰত সহযোগ কৰি আহিছে।