June 27, 2026 9:33 PM | pineapple Day

printer

নতুন দিল্লীত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত তিনিদিনীয়াকৈ ত্ৰিপুৰা গোলকীয় মাটিকঁঠাল মহোৎসৱ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা আৰু ড’নাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত তিনিদিনীয়া ত্ৰিপুৰা গোলকীয় মাটিকঁঠাল মহোৎসৱ মুকলি কৰে। 

এই উপলক্ষে মুখ্যমন্ত্রী সাহাই কয়, যে ত্ৰিপুৰাত বছৰি প্ৰায় এক দশমিক ৭-৮ৰ পৰা এক দশমিক ৮-৮ লাখ মেট্রিক টন মাটিকঁঠাল উৎপাদন হয়। ইয়াৰ ভিতৰত প্ৰায় ২৩ হাজাৰ মেট্রিকটন জি আই টেগযুক্ত কুইন প্ৰজাতিৰ মাটিকঁঠাল আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। 

মাটিকঁঠালক ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু কৃষি সামৰ্থৰ প্ৰতীক বুলি অভিহিত কৰি শ্ৰীসাহাই কয়, যে এই পদক্ষেপে ৰপ্তানি বৃদ্ধি আৰু ত্ৰিপুৰাৰ সংস্কৃতি, হস্ত শিল্পজাত সামগ্ৰী আৰু পৰ্যটনৰ প্ৰসাৰত সহায় কৰিব।

 ড’নাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে তেওঁৰ ভাষণত ২০২৮ চনৰ ভিতৰত ফলবিধৰ অৰ্থনৈতিক মূল্য ৩৫ কোটিৰ পৰা ২০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্যৰে ২৩৬ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা কুইন পাইনেপল মিছনৰ বিষয়ে আলোকপাত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।