ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকাই আজি বিহালী বিধানসভা সমষ্টিৰ বৰগাঙত থকা শ্ৰীমন্ত শংকৰদেৱ প্রেক্ষাগৃহত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিত থকা কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্র চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কার্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্রী হাজৰিকাই কয়, যে ৰাজ্যৰ কৃষি ব্যৱস্থা আৰু কৃষি অর্থনীতিত চাহ খেতিয়কসকল অপৰিহায্য আৰু অবিচ্ছেদ্য অংশ। তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ক্ষুদ্র চাহ খেতিয়কসকলক কৃষক পঞ্জীয়নৰ অন্তর্ভুক্ত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্র চাহ খেতিয়কসকলে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি কল্যাণমূলক আঁচনিসমূহৰ সুবিধাসমূহ লাভ কৰিবলৈ সমৰ্থ হ’ব।
ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মন্ত্রী শ্রীহাজৰিকাই ইউৰিয়া ক্ৰয় কৰিবলৈ অহা কৃষকসকলক কিছুমান সাৰ বিক্রেতাই অন্যান্য তিনি চাৰিবিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্রয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে বুলিও জানিবলৈ দিয়ে। এনে কার্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
আজিৰ কাৰ্যসূচীত সাংসদ ৰঞ্জিত দত্ত, বিধায়ক মুনীন্দ্র দাস আৰু পল্লৱলোচন দাস উপস্থিত থাকে।