July 3, 2026 7:54 PM
7
বিশ্বনাথ চাৰিআলিত ক্ষুদ্র চাহ খেতিয়কৰ পঞ্জীয়ন কার্যসূচীত মন্ত্রী পীযুষ হাজৰিকাৰ অংশগ্ৰহণ
ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকাই আজি বিহালী বিধানসভা সমষ্টিৰ বৰগাঙত থকা শ্ৰীমন্ত শংকৰদেৱ প্রেক্ষাগৃহত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিত থকা কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্র চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কার্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্রী হাজৰিকাই কয়, যে ৰাজ্যৰ কৃষি ব্যৱস্থা আৰু কৃষি অর্থনীতিত চাহ খেতিয়কসকল অপৰিহায্য আৰু অবিচ্ছেদ্য অংশ। তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ক্ষুদ্র চাহ খেত...