বিমান বন্দৰত অসমীয়া ভাষা প্রয়োগ নকৰাক লৈ প্রাক্তন আমোলা তথা আৰক্ষী বিষয়াৰ উদ্বেগ প্রকাশ

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমীয়া ভাষা প্রয়োগ নকৰাক লৈ ৰাজ্যৰ তিনিগৰাকী প্রাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্রকাশ কৰিছে। বিমান বন্দৰটোৰ দুই নম্বৰ টার্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্রাক্তন আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়া, প্রাক্তন আই পি এছ বিষয়া জ্যোতির্ময় চক্রৱর্তী আৰু প্রাক্তন এ চি এছ বিষয়া মুকুল চন্দ্র গগৈয়ে যোৱা ২৬ জুনত বিমান বন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্রখনত তেওঁলোকে উল্লেখ কৰা অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো কেন্দ্ৰীয় অসামৰিক মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী। মন্ত্ৰ্যালয়ৰ নিয়ম অনুসৰি বিমানবন্দৰ যোগাযোগ ব্যৱস্থাত হিন্দী আৰু ইংৰাজীৰ লগতে থলুৱা আঞ্চলিক ভাষাকো সমানে গুৰুত্ব দিব লাগে। পত্ৰখনত উল্লেখ কৰা অনুসৰি যাত্ৰীৰ সুবিধাৰ লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত বিমান বা টার্মিনেলৰ ভিতৰত যাত্ৰীসকলক ক্ষিপ্র আৰু স্পষ্ট নিৰাপত্তা নির্দেশনাৰ বাবে আঞ্চলিক ভাষাৰ ব্যৱহাৰ অত্যন্ত প্রয়োজনীয়। অসমীয়া ভাষাৰ অনুপস্থিতিত এনে স্পৰ্শকাতৰ সময়ত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বৰঝাৰ বিমান বন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মিতভাবে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ বাবে তেওঁলোকে এই পত্রযোগে বিমানবন্দৰ কৰ্তৃপক্ষক দাবী জনায়।