June 30, 2026 1:03 PM
5
বিমান বন্দৰত অসমীয়া ভাষা প্রয়োগ নকৰাক লৈ প্রাক্তন আমোলা তথা আৰক্ষী বিষয়াৰ উদ্বেগ প্রকাশ
বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমীয়া ভাষা প্রয়োগ নকৰাক লৈ ৰাজ্যৰ তিনিগৰাকী প্রাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্রকাশ কৰিছে। বিমান বন্দৰটোৰ দুই নম্বৰ টার্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্রাক্তন আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়া, প্রাক্তন আই পি এছ বিষয়া জ্যোতির্ময় চক্রৱর্তী আৰু প্রাক্তন এ চি এছ বিষয়া মুকুল চন্দ্র গগৈয়ে যোৱা ২৬ জুনত বিমান বন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্রখ...