ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে, বিগত ৩ বছৰত গোলাঘাট জিলাৰ কেইবাটাও খণ্ডত যথেষ্ট উন্নয়ন হৈছে। গোলাঘাটৰ আৱৰ্ত ভৱনত আজি এখন সংবাদমেল যোগে মন্ত্রী নেওগে কৈছে যে, গোলাঘাট সমষ্টিত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়ৰ কাম ইতিমধ্যে ৩৮ শতাংশ সম্পন্ন হোৱাৰ লগতে বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কাম ২১ শতাংশ সম্পূৰ্ণ হৈছে। গোলাঘাট নগৰত নিৰ্মাণ হৈ থকা আয়ুক্তৰ কার্যালয়ৰ কাম ২৩ শতাংশ সম্পন্ন হোৱাৰ বিপৰীতে জিলাখনত অসম মালাৰ অধীনত ধোদৰ আলিৰ কাম ১৭ শতাংশ, গোলাঘাটৰ পৰা মেৰাপানী সংযোগী পথৰ কাম ৯ দশমিক ৫ শতাংশ, গোহাই আলিৰ কাম ১৫ শতাংশ সম্পন্ন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গোলাঘাট নগৰখনক যান জটৰ পৰা ৰক্ষা কৰিবলৈ গাড়ী ৰখা স্থানৰ সঠিক ব্যৱস্থা কৰিবৰ বাবেও চিন্তা চৰ্চা কৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ২০২৫ চনত এখন নতুন গোলাঘাট উপহাৰ দিয়াৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে গোলাঘাটত কৃত্রিম বানপানী ৰোধ কৰিবলৈ নলাৰ ব্যৱস্থা, ৰাস্তা আদি নিৰ্মাণ কৰাৰ কথাও মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে।
Assamese | August 2, 2024 6:43 PM | ajanta neog | Assam Finance Minister
বিগত ৩ বছৰত গোলাঘাট জিলাৰ কেইবাটাও খণ্ডত যথেষ্ট উন্নয়ন হৈছেঃ বিত্তমন্ত্ৰী অজন্তা নেওগ