ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ এন এইছ এ আয়ে চাৰিশৰীয়া আৰু বহল ৰাষ্ট্ৰীয় ঘাইপথসমূহত টোল প্লাজা নিৰ্মাণৰ আৰ্হি আৰু আন্তঃগাঁথনিৰ বাবে কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে। এটা বিবৃতিত পথ পৰিবহন আৰু ঘাইপথ মন্ধ্যালয়ে কয়, যে এই নির্দেশনাসমূহে সমাগত সময়ত নির্মাণ হ’বলগীয়া আৰু নিৰ্মাণৰত ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্পসমূহ মাল্টি লেন ফ্রী ফ্ল’ ভিত্তিত বাধামুক্ত টোল সংগ্রহক সমর্থন কৰিব পৰাকৈ নিৰ্মাণ কৰা হ’ব। ইয়াৰ জৰিয়তে টোল প্লাজাসমূহত যান-যটৰ সমস্যা লাঘৱ হোৱাৰ লগতে ইন্ধন ৰাহি কৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথত সুৰক্ষিত আৰু কোনো অসুবিধা নোহোৱাকৈ যাত্ৰীক যাত্ৰাৰ সুবিধা দিয়াৰ উদ্দেশ্যে এই ব্যৱস্থা কৰা হৈছে। এই নির্দেশনা অনুসৰি টোল প্লাজাৰ বিন্যাস, লেন কনফিগাৰেছন, পথৰ আন্তঃগাঁথনি, পর্যাপ্ত পোহৰ আৰু অন্যান্য সহায়ক সুবিধাসমূহৰ বাবে একে ধৰণৰ নিয়ম-নীতিৰ ব্যৱস্থা কৰা হৈছে।
Assamese | November 7, 2026 11:38 AM | NHAI
বহল ৰাষ্ট্ৰীয় ঘাইপথসমূহত টোল প্লাজা নিৰ্মাণৰ আৰ্হি আৰু আন্তঃগাঁথনিৰ বাবে এন এইছ এ আৰ নির্দেশনা জাৰি