মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ পাণ্ডু বন্দৰত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ে আয়োজন কৰা নৌ চালন অভিযান ২০২৬ৰ সামৰণি অনুষ্ঠানত অংশ লয়। ড০ শর্মাই লাচিত বৰফুকনৰ সাহসিকতাৰে অনুপ্রাণিত হৈ ব্রহ্মপুত্রত নৌ চালন অভিযানেৰে পাণ্ডুত উপস্থিত হোৱা ৪৮ আৰু ৪৯ নম্বৰ অসম নৌ শাখাৰ এন চি চি কেডেটসকলৰ সাহসিকতাৰ শলাগ লয়। তেওঁ লগতে অসমৰ শিক্ষার্থীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ কামত জড়িত কৰোৱাৰ বাবে এন চি চিৰ উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ প্ৰচেষ্টাৰো শলাগ লয়।
Assamese | November 7, 2026 12:06 PM | Nou chalan Abhiyan
নৌ চালন অভিযান ২০২৬ৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ