ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বড়ো-কছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে বাথৌ পূজা পালন কৰিছে। বড়ো-কছাৰী জনগোষ্ঠীৰ ঘাই দেৱতা বাথৌৰ আৰাধনাৰ বাবে বছৰত দুবাৰকৈ এই পূজাৰ আয়োজন কৰা হয়। এই পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদী সাজি পূজা কৰা হয়। পূজাত দেওধনী আৰু খেৰাই নৃত্য পৰিৱেশন কৰা হয়।
এই পূজাৰ সৈতে বিভিন্ন লোকবিশ্বাস আৰু পৰম্পৰা জড়িত হৈ আছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত আয়োজিত এই পূজা সাধাৰণতে মাঘৰ দ্বিতীয়টো মঙলবাৰে কৰা হয়। সদৌ বাথৌ মহাসভাৰ কোকৰাঝাৰ জিলা সমিতিয়ে কোকৰাঝাৰ নগৰৰ বাগানচালীত থকা থানচালীত এই পূজাৰ আয়োজন কৰে। বাথৌ দেৱতাক পূজা-অৰ্চনা কৰাৰ বাবে আজি পুৱাৰে পৰা অঞ্চলটোত অগণন লোকৰ সমাগম হয় ৷
বাক্সা জিলাৰ বিভিন্ন অঞ্চলতো আজি বাথৌ পূজাৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাৰ ঘোঁৰামাৰি খেলপথাৰত ঘোঁৰামাৰি আঞ্চলিক বাথৌ সন্থাই দিনজোৰা কাৰ্যসূচীৰে বাথৌ পূজা আয়োজন কৰে। এই পূজাত বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বৰ, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।
Assamese | January 28, 2025 8:14 PM | Assam | Bathou Puja | Bodo
বড়ো-কছাৰী জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে বাথৌ পূজা পালন