January 28, 2025 8:14 PM

views 97

বড়ো-কছাৰী জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে বাথৌ পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বড়ো-কছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে বাথৌ পূজা পালন কৰিছে। বড়ো-কছাৰী জনগোষ্ঠীৰ ঘাই দেৱতা বাথৌৰ আৰাধনাৰ বাবে বছৰত দুবাৰকৈ এই পূজাৰ আয়োজন কৰা হয়। এই পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদী সাজি পূজা কৰা হয়। পূজাত দেওধনী আৰু খেৰাই নৃত্য পৰিৱেশন কৰা হয়। এই পূজাৰ সৈতে বিভিন্ন লোকবিশ্বাস আৰু পৰম্পৰা জড়িত হৈ আছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত আয়োজিত এই পূজা সাধাৰণতে মাঘৰ দ্বিতীয়টো মঙলবাৰে কৰা হয়। সদৌ বাথৌ মহাসভাৰ কোকৰাঝাৰ জিলা স...

January 15, 2025 6:52 PM

views 78

ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন

ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত আজিৰে পৰা বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে। বাক্সা জিলাৰ বিভিন্ন স্থানত অৱস্থিত বাথৌ মন্দিৰসমূহত বাথৌ উৎসৱ আয়োজন কৰা পৰিলক্ষিত হৈছে। মাঘ বিহুৰ সময়তে বড়ো আৰু অন্য কছাৰী জনগোষ্ঠীৰ লোকসকলে দুইৰ পৰা তিনিদিনীয়াকৈ এই উৎসৱৰ আয়োজন কৰে। কছাৰী সকলৰ লোক দেৱতা বাথৌৰ হিন্দু ধৰ্মৰ দেৱতা শিৱৰ সৈতে সাদৃশ্য আছে। বড়ো-কছাৰীসকলে বিশ্বাস কৰে যে বাথৌ তেওঁলোকৰ পিতৃ দেৱতা। এই উৎসৱৰ দিনটোত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি বাথৌ বেদীত শান্তি পানী ছটিওৱা হয...