প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল কামাণ্ডাৰ সকলৰ বাবে বিত্তীয় ছিলিং দুগুণ বৃদ্ধিৰ অনুমোদন জনায়। তেওঁ চিকিৎসা আৰু কাৰ্যপ্রকল্পকে ধৰি প্ৰতিৰক্ষা সেৱাৰ বাবে সংশোধিত বিত্তীয় ক্ষমতাৰ প্রতিনিধিৰ দলটো ঘোষণা কৰে। প্ৰতিৰক্ষা মন্ত্রালয়ে জনাই যে, চলিত বৰ্ষৰ বাজেট আবণ্টনৰ সৈতে সংগতি ৰাখি বিত্তীয় ক্ষমতাৰ সংশোধীত প্রতিনিধি দলে ৰাজহৰ জৰিয়তে এক লাখ ২৫ হাজাৰ কোটিতকৈও অধিক টকাৰ সামগ্ৰী ক্ৰয়ৰ সুবিধা প্ৰদান কৰিব। লগতে প্রকাশ কৰে যে, বিত্তীয় ক্ষমতা ১০০ শতাংশ বৃদ্ধি কৰা হৈছে আৰু কিছুমান ক্ষেত্রত দুগুণতকৈও বেছি ক্ষমতা বৃদ্ধি কৰা হৈছে। মগ্ন্যালয়ে আৰু কয়, যে ইয়াৰ দ্বাৰা ফিল্ড কামাণ্ডাৰসকলক কার্যকৰী দক্ষতা আৰু অধিক শক্তিশালী হোৱাৰ লগতে প্ৰকল্পসমূহৰ কাৰ্য সম্পাদন খৰতকীয়া হ’ব। মন্ত্র্যালয়ে জনোৱা মতে স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰববীসকলক প্ৰদান কৰা বিশেষ আর্থিক ক্ষমতা অধিক বৃদ্ধি কৰা হৈছে। লগতে জৰুৰী কাৰ্য সম্পাদনৰ বাবে মুঠ চিলিঙৰ সীমা ১০০ শতাংশ বৃদ্ধি কৰা হৈছে। লগতে প্রকাশ কৰে যে, যোৱা বছৰৰ অক্টোবৰ মাহত অধিসূচনা কৰা সংশোধিত প্ৰতিৰক্ষা ক্রয় মেনুৱেলৰ সৈতে বিত্তীয় ক্ষমতাৰ সংশোধিত প্রতিনিধিত্বই ক্ষীপ্র সিদ্ধান্ত গ্ৰহণৰ সুবিধা প্রদান কৰিব।
Assamese | June 4, 2026 8:04 PM | Rajnath Singh
ফিল কমাণ্ডাৰৰ বাবে বিত্তীয় চিলিং দুগুণ বৃদ্ধিৰ অনুমোদন প্ৰতিৰক্ষা মন্ত্ৰীৰ