প্ৰয়াগৰাজত আজি উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ অধ্যক্ষতাত এৰাইল অঞ্চলৰ ত্ৰিবেণী সংকুলত অনুষ্ঠিত এই বৈঠকত উত্তৰ প্ৰদেশ চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণ আৰু উন্নতিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী যোগী আদিত্যনাথে কয়, যে চৰকাৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিত হাথৰছ, বাঘপট আৰু খাছগঞ্জত চিকিৎসা মহাবিদ্যালয় নির্মাণত অনুমোদন জনাইছে। তেওঁ আৰু কয় যে প্ৰয়াগৰাজ, বাৰানসী আৰু আগ্ৰা পৌৰ নিগমত পৌৰ বণ্ডছ ইছ্যু কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্রী শ্রী আদিত্যনাথে কয়, যে এই বণ্ডে মহানগৰসমূহৰ বহনক্ষম উন্নয়ন আৰু নগৰীয়া আন্তঃগাঁথনিৰ বাবে পুঁজিৰ যোগান ধৰিব বুলি আশা কৰা হৈছে। প্ৰয়াগৰাজৰ পৰা চুবুৰীয়া জিলা আৰু অঞ্চলসমূহলৈ যোগাযোগ স্থাপন সম্বন্ধীয় চৰকাৰৰ কেইটামান প্ৰকল্পৰ পৰিকল্পনাৰ বিষয়েও তেওঁ উল্লেখ কৰে।
Assamese | January 22, 2025 8:09 PM | Akashvani
প্ৰয়াগৰাজত উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত