August 12, 2026 10:15 AM | Ramnath Kovind

printer

নতুন দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোবিন্দৰ আত্মজীৱনী “Triumph of the Indian Republic: My Life, My Struggles” উন্মোচন কৰিব। আত্মজীৱনীখনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিগত বিৱৰণ দাঙি ধৰা হৈছে।

 শৈশৱৰে পৰা তেওঁৰ অভিজ্ঞতা, সংগ্ৰাম আৰু সাফল্যৰ লগতে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতিৰূপে সেৱা আগবঢ়োৱাৰ বিষয়ে আত্মজীৱনীখনত সন্নিৱিষ্ট কৰা হৈছে। তেওঁ জীৱনক গঢ় দিয়া মূল্যবোধ, অভিজ্ঞতা আৰু পৰিস্থিতিসমূহৰ বিষয়েও গ্ৰন্থখনত সামৰি লোৱা হৈছে।