August 12, 2026 10:15 AM

views 23

নতুন দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোবিন্দৰ আত্মজীৱনী “Triumph of the Indian Republic: My Life, My Struggles” উন্মোচন কৰিব। আত্মজীৱনীখনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিগত বিৱৰণ দাঙি ধৰা হৈছে।  শৈশৱৰে পৰা তেওঁৰ অভিজ্ঞতা, সংগ্ৰাম আৰু সাফল্যৰ লগতে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতিৰূপে সেৱা আগবঢ়োৱাৰ বিষয়ে আত্মজীৱনীখনত সন্নিৱিষ্ট কৰা হৈছে। তেওঁ জীৱনক গঢ় দিয়া মূল্যবোধ, অভিজ্ঞতা আৰু পৰিস্থিতিসমূহৰ বিষয়েও গ্ৰন্থখনত সামৰি লোৱা হৈছে।

June 21, 2024 12:37 PM

views 73

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দেশবাসীলৈ শুভেচ্ছা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণীৰে হোৱা কথা-বতৰাত কোবিন্দে যোগসাধনাই জাতি-ধর্ম-বর্ণ নির্বিশেষ বিশ্বৰ বিভিন্ন দেশৰ মাজত যোগসূত্ৰ স্থাপন কৰে বুলি মন্তব্য আগবঢ়ায়। যোগে শৰীৰ, মন আৰু আত্মাক একত্ৰিত কৰে বুলিও প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। যোগ কোনো বিশেষ ধৰ্ম অথবা বিশ্বাসৰ লগত জড়িত নাই বুলিও তেওঁ প্ৰকাশ কৰে।