বাৰিষাৰ বতৰ সত্ত্বেও উত্তৰাখণ্ডৰ চাৰি ধাম যাত্ৰাত ভক্তসকলে উৎসাহেৰে ভাগ লৈছে। এই যাত্ৰাৰ দ্বিতীয় পর্যায়তো ভক্তসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ কেদাৰনাথ আৰু বদ্রীনাথ ধামত পূজা-অৰ্চনা কৰা কাম অব্যাহত ৰাখিছে। শ্ৰীবদ্রীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ হেমন্ত দ্বিৱেদীয়ে প্ৰকাশ কৰা অনুসৰি বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ অবিৰত আৰু নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উত্তৰাখণ্ডৰ ৪টা প্ৰধান ধৰ্মীয় স্থান কেদাৰনাথ, বদ্রীনাথ, গংগোত্ৰি আৰু যমুনোত্ৰিৰ দৰ্শনৰ বাবে কৰা এই চাৰি ধাম যাত্ৰাৰ বুজ লোৱাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে কালি ৰাজ্যখনৰ সকলো জিলা দণ্ডাধীশৰ সৈতে ভার্চুৱেল বৈঠক অনুষ্ঠিত কৰে। বৈঠকত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি, চাৰি ধাম যাত্ৰা, কঁৱাৰ যাত্ৰা, দুৰ্যোগ ব্যৱস্থাপনা, জন-জন কী চৰকাৰ, জন-জন কে দ্বাৰ কাৰ্যসূচী আৰু ভক্তসকলে যাত্ৰা কৰা পথসমূহ গাঁতমুক্ত কৰাকে ধৰি বিভিন্ন নির্দেশনা প্রদান কৰা হয়।
বাৰিষাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী জিলা দণ্ডাধীশক সতর্কতা বৃদ্ধি কৰাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনাক সম্পূৰ্ণৰূপে সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে।